Tuesday, August 28, 2012

সাগৰ দেখিছা?

সাগৰ দেখিছা? দেখা নাই কেতিয়াও? ময়ো দেখা নাই, শুনিছোঁ তথাপি, নীলিম সলিলৰাশি বাধাহীন উৰ্ম্মিমালা আছে দূৰ দিগন্ত বিয়াপি | মোৰ ই অন্তৰ খনি সাগৰৰ দৰে নীলা, বেদনাৰে – দেখা নাই তুমি ? উঠিছে মৰিছে য’ত বাসনাৰ লক্ষ ঢউ তোমাৰেই স্মৃতি – সীমা চুমি | শুনা নাই? মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ উতলা সঙ্গীত ? বুজা নাই? অনুভৱো কৰা নাই ফুলনিত বসন্তৰ কোমল ইঙ্গিত? দেখিছাতো ৰামধেনু? বাৰিষাৰ ডাৱৰত পোহৰৰ মোহন গৌৰৱ; প্ৰেমৰ পোহৰ-দীপ্ত মোৰ হিয়া আকাশত দেখিছানে ৰঙৰ উছৱ ? মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত? ভাবিছানে এটিবাৰো পখীৰ ডিঙিত কান্দে মানুহৰ বুকুৰ সম্বাদ! মই জানো, তুমি কিটো জানা, হেৰা মোৰ হিয়াহীনা প্ৰিয়া! তুমি জানা মাথোঁ তুমি তুমি, মই মই| তুমিতো নাজানা-হায়, কিয় বাৰু কিয় আমি গাথোঁ জঁই পৰা মালতীৰে জয়ৰ গৌৰৱ মালা? মিলনৰ কাৰেঙ সোনালী সাজোঁ কিয় পৃথিৱীৰ দুখৰ বোকাৰে আমি? হৃদয়ৰ ৰঙা তেজ ঢালি প্ৰতিমাৰ পখালোঁ চৰণ কিয়? তুমি নুবুজিবা সখি! কিনো বেদনাত ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ বিফল সন্ধ্যাত! সন্ধিয়া আহিছে নামি? থক হেৰা নেলাগে জ্বলাব চাকি; দুটি নয়নৰ সহজ প্ৰভাৰে আজি নাশিবা তিমিৰ তুমি অন্ধকাৰ মোৰ জগতৰ| NB:This has been a most excellent poem written by late Deba Kanta Baruah of Assam

No comments:

Post a Comment